অসমীয়া সাহিত্য সন্মিলনী
My blogs
| Introduction | অসমীয়া ভাষা-সাহিত্যৰ সকলো প্ৰকাৰৰ উন্নতি, চৰ্চা, সংৰক্ষণৰ হকে সকলো ধৰণৰ ধৰ্ম-সম্প্ৰদায় তথা ৰাজনৈতিক গণ্ডীৰ ঊৰ্ধত থাকি নিয়োজিত হোৱাৰ উপৰি অসমৰ জাতীয় জীৱনৰে সংপৃক্ত শিল্প-সংস্কৃতি আৰু সমাজ সংশ্লিষ্ট বিষয়ত বিজ্ঞানসন্মত দৃষ্টিভংগীৰে কাম কৰিবলৈ আৰু অসমৰ সকলো জনগোষ্ঠীৰ মাজত সংহতি স্থাপন কৰিবলৈ ২০১৩ চনত ‘অসমীয়া সাহিত্য সন্মিলনী’ গঠন কৰা হয়৷ এই সন্মিলনীয়ে উল্লিখিত লক্ষ্যসমূহ পূৰণ কৰিবলৈ ৰাজ্যজুৰি এক সাংগঠনিক কাঠাম গঢ়ি তুলিছে আৰু অসমীয়া ভাষা সাহিত্যৰ চৰ্চা কৰা লোকসকলক তথা অন্যান্য স্থানলৈকো ইয়াৰ সাংগঠনিক কাঠাম প্ৰসাৰিত কৰি আহিছে৷ অসমৰ জাতীয় জীৱনৰ সৰ্বতোপ্ৰকাৰৰ বিকাশ আৰু উৎকৰ্ষ সম্ভৱ কৰি তুলিবলৈ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ চৰ্চা, সংৰক্ষণ তথা সংবৰ্ধন আৰু সাহিত্যৰ ক্ষেত্ৰত এক মতাদৰ্শগত ভিত্তি গঢ়ি তোলাই হ’ল সন্মিলনীৰ প্ৰধান উদ্দেশ্য৷ |
|---|

